অসম অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি

Submitted by Pradeep on Fri, 10/07/2026 - 16:58
Himanta Biswa Sarma CM Assam
Scheme Open
Assam Abhinandan Education Loan Subsidy Scheme image
Highlights
  • উচ্চ শিক্ষা ঋণৰ বাবে ৫০,০০০/- টকাৰ চৰকাৰী সাহায্য।
Customer Care
  • অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ যোগাযোগৰ নম্বৰ :- ১৮০০২০২৬২৫৬
  • অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ যোগাযোগৰ ই-মেইল :- [email protected]

আচঁনিৰ সাৰাংশ

আঁচনিৰ নামঅসম অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি। .
আৰম্ভণি তাৰিখ২৬-১২-২০১৯
সুবিধাউচ্চ শিক্ষা ঋণৰ বাবে ৫০,০০০ /- টকাৰ ৰাজসাহায্য।
হিতাধিকাৰীঅসমৰ ছাত্ৰ-ছাত্ৰীসকল।
চৰকাৰী পৰ্টেলডিবিটি (DBT) আঁচনিৰ বাবে অসম ডিজিটেল আন্তঃগাঁথনি পৰ্টেল।
ন'ডেল বিভাগঅসম বিত্ত বিভাগ।
সদস্যতাআঁচনিৰ বিষয়ে তথ্য লাভ কৰিবলৈ ইয়াত সদস্যতা লওক।
আবেদন কৰাৰ প্ৰক্ৰিয়াঅনলাইন আৱেদনৰ জৰিয়তে।

আঁচনিৰ সাৰাংশ : এক সংক্ষিপ্ত বিৱৰণ

  • অসম চৰকাৰে ৰাজ্যখনত শিক্ষাৰ সংস্কাৰৰ দিশত কাম কৰি আহিছে আৰু এই উদ্দেশ্য শিক্ষাখণ্ডত বহুতো কল্যাণমূলক আঁচনি আৰম্ভ হৈছে যত "নিজুত মইনা আঁচনি" অন্যতম।
  • আন এক গুৰুত্বপূৰ্ণ আঁচনি ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে আৰম্ভ কৰা হৈছে "অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি"।
  • এই কাৰ্যসূচীৰ ২০১৯ চনৰ ২৬ ডিচেম্বৰত আৰম্ভ কৰা হৈছিল।
  • ইয়াত অসম চৰকাৰৰ মূল উদ্দেশ্য হৈছে যে ছাত্ৰ-ছাত্ৰীসকলক বাবে আৰ্থিক সহায়ত কৰা যাতে তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে।
  • এই আঁচনিৰ ন'ডেল বিভাগ হৈছে অসম চৰকাৰৰ বিত্ত বিভাগ।
  • চৰকাৰে এতিয়া সকলো যোগ্য ছাত্ৰ-ছাত্ৰীক বিত্তীয় সাহায্য প্ৰদান কৰিব যিসকলে  উচ্চ শিক্ষাৰ সম্পূৰ্ণ কৰাৰ বাবে শিক্ষা ঋণ লয়।
  • অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ অধীনত ৫০,০০০/- টকা চৰকাৰী সাহায্য প্ৰদান কৰা হব।
  • উচ্চ শিক্ষাৰ সম্পূৰ্ণ কৰাৰ বাবে লোৱা ঋণৰ পৰিমাণ ২ লাখ টকা বা ততোধিক হব লাগিব।
  • আগতে এই ধনৰাশি ১ লাখ টকা বা তাতকৈ অধিক আছিল, কিন্তু ০৫-০৯-২০২৪ চনৰ  অসম চৰকাৰে এই আঁচনিৰ ২.০ আৰম্ভ কৰে যাৰ নাম হৈছে " অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি ২.০" ।
  • এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ সন্তানেও এই আঁচনিৰ অধীনত চৰকাৰী সাহায্যৰ বাবে আবেদন কৰিব পাৰিব।
  • কেৱল সেই শিক্ষাগত ঋণসমূহহে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি ২.০ৰ অধীনত ৫০,০০০/- টকাৰ ৰাজসাহায্যৰ বাবে যোগ্য হব, যিসমূহ ০১-০৪-২০২০ৰ পৰা ৩১-০৩-২০২৪ৰ ভিতৰত প্ৰদান কৰা হব।
  • হিতাধিকাৰী শিক্ষাৰ্থীসকলে শিক্ষাগত ঋণৰ ২৫% পৰিশোধ কৰিলেহে ঋণ চৰকাৰী সাহায্যৰ বাবে আবেদন কৰিব পাৰে।
  • অসম চৰকাৰৰ অনলাইন ডিআইডিএছ (DIDS) পৰ্টেলত অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ বাবে আবেদন উপলব্ধ।
  • এই আঁচনিৰ বিষয়ে যিকোনো সহায়ৰ বাবে অসমৰ বিত্ত বিভাগৰ ঋণ প্ৰদান বেংকৰ শাখা পৰিচালকৰ সৈতে যোগাযোগ কৰক।

আঁচনিৰ সুবিধাসমূহ

  • অসম চৰকাৰে 'অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি'ৰ অধীনত নিৰ্বাচিত এই সুবিধাসমূহ প্ৰদান কৰিব:-
    • উচ্চ শিক্ষা সম্পূৰ্ণ কৰাৰ বাবে ঋণ লোৱা শিক্ষাৰ্থীসকলে চৰকাৰী সাহায্য লাভ কৰিব।
    • চৰকাৰে ২ লাখ বা ততোধিক শিক্ষা ঋণৰ ক্ষেত্ৰত সর্বাধিক ৫০,০০০ /- টকাকৈ চৰকাৰী সাহায্য আগবঢ়াব।

যোগ্যতাৰ প্ৰয়োজনীয়তা

  • অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ অধীনত চৰকাৰী সাহায্য ৫০,০০০/- টকা উচ্চ শিক্ষাৰ ঋণত তলত উল্লেখ কৰা যোগ্যতাৰ প্ৰয়োজনীয়তা পূৰণ কৰা ছাত্ৰ-ছাত্ৰীকহে প্ৰদান কৰা হব:-
    • ছাত্ৰ-ছাত্ৰীসকল অসম ৰাজ্যৰ স্থায়ী বাসিন্দা হব লাগিব।
    • বৰ্তমান শিক্ষাৰ্থী অসমৰ ভিতৰত বা বাহিৰত যিকোনো উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত অধ্যয়নৰত হব লাগিব।
    • উচ্চ শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে বা তেওঁলোকৰ পিতৃ-মাতৃয়ে ২,০০,০০০/- টকা বা তাতকৈ অধিক  শিক্ষা ঋণ লব লাগিব।
    • উচ্চ শিক্ষাৰ বাবে ০১-০৪-২০২০ৰ পৰা ৩১-০৩-২০২৪ৰ ভিতৰত যিকোনো বাণিজ্যিক বা গ্ৰাম্য বেংকৰ পৰা ২ লাখ টকা ঋণ মঞ্জুৰ হোৱা লাগিব।
    • আবেদন কৰাৰ আগতে চৰকাৰী সাহায্যৰ বাবে ২৫% ঋণৰ পৰিমাণ পৰিশোধ কৰাটো প্ৰয়োজনীয়।
    • এই আঁচনিত তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰীৰ সন্তানো সুবিধাৰ বাবে যোগ্য।

অযোগ্যতাৰ চৰ্তসমূহ

অসম চৰকাৰে কিছুমান অযোগ্যতাৰ চৰ্তো 'অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি'ৰ বাবে নিৰ্ধাৰণ কৰিছে:-

  • উচ্চ শিক্ষাৰ বাবে ২,০০,০০০/- টকাৰ কম পৰিমাণৰ ঋণ।
  • তলত উল্লেখ কৰা যিকোনো শ্ৰেণীৰ লোকৰ সন্তান :-
  • সংসদৰ সদস্য।
  • বিধানসভাৰ সদস্য।
  • পঞ্চায়তৰ বিষয়াসকল।
  • প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী।
  • ঋণ পৰিশোধ কৰিব নোৱাৰা সম্পত্তিৰ ঋণ একাউণ্ট।
  • ১ এপ্ৰিল ২০২০ৰ পূৰ্বে আৰু ৩১ মাৰ্চ ২০২৪ৰ পিছত প্ৰদান কৰা ঋণ।

প্ৰয়োজনীয় প্ৰমানপত্ৰ

শিক্ষা ঋণত ৫০,০০০/- টকাৰ চৰকাৰী সাহায্য লাভৰ বাবে তলত উল্লেখ কৰা প্ৰয়োজনীয় প্ৰমানপত্ৰ ডিবিটি (DBT) আঁচনিৰ  অসম ডিজিটেল আন্তঃগাঁথনি পৰ্টেলত আবেদনৰ সময়ত আপলোড কৰিব লাগিব:-

  • আবেদনকাৰীৰ স্কেন কৰা স্বাক্ষৰ ।
  • ৰঙীন ফটো।
  • মোবাইল নম্বৰ।
  • অসমৰ ঠিকনাৰ প্ৰমাণৰ বাবে যিকোনো এখন প্ৰমানপত্ৰ।
  • পৰিচয় প্ৰমাণৰ বাবে যিকোনো এখন প্ৰমানপত্ৰ।

আৱেদন কৰাৰ প্ৰক্ৰিয়াসমূহ

  • অসম চৰকাৰৰ ডিবিটি (DBT) আঁচনিসমূহৰ বাবে অসম ডিজিটেল আন্তঃগাঁথনি (DIDS) প'ৰ্টেল জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ বাবে আবেদন কৰিব পাৰে। 
    Digital Infrastructure for DBT Schemes Assam
  • ৱেবছাইটটো খোলক আৰু প্ৰথমে নিজৰ মোবাইল নম্বৰৰ সৈতে নিজকে পঞ্জীয়ন কৰক। 
    Abhinandan Education Loan Subsidy Scheme Registration
  • অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ অনলাইন আবেদন পত্ৰ পূৰণ কৰিবলৈ মোবাইল নম্বৰ আৰু পাছৱৰ্ডৰ সৈতে লগইন কৰক। 
    Abhinandan Education Loan Subsidy Scheme Login
  • আঁচনিৰ নাম অনুসন্ধান কৰক।
  • আৱেদন পত্ৰত আবেদনকাৰীৰ তথ্য আৰু ঠিকনাৰ বিৱৰণ পূৰণ কৰক।
  • নথিসমূহ পিডিএফ (PDF) ফৰ্মেটত আপলোড কৰক।
  • পূৰণ কৰা সকলো বিৱৰণ পৰীক্ষা কৰক আৰু জমা দিবলৈ প্ৰেৰণ বুটামত ক্লিক কৰক।
  • বেংকৰ শাখাই প্ৰাপ্ত আবেদন পত্ৰ আৰু নথিপত্ৰসমূহ পৰীক্ষা কৰি যোগ্য ছাত্ৰ-ছাত্ৰীৰ তালিকা অসম চৰকাৰৰ বিত্ত বিভাগলৈ প্ৰেৰণ কৰিব।
  • শেষ অনুমোদনৰ পিছত ৫০,০০০/- টকাৰ ৰাজসাহায্য ছাত্ৰ-ছাত্ৰীৰ ঋণ একাউণ্টলৈ স্থানান্তৰ কৰা হব।
  • এই আঁচনিৰ অভিযোগ নিষ্পত্তি বিষয়া হৈছে ঋণ প্ৰদানকাৰী বেংকৰ শাখা পৰিচালক ।আৰু কোনো সহায়তাৰ প্ৰয়োজন হলে ছাত্ৰ-ছাত্ৰীসকলে তেওঁক যোগাযোগ কৰিব পাৰে।

প্ৰাসংগিক লিংকসমূহ

যোগাযোগৰ বিৱৰণ

  • অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ যোগাযোগৰ নম্বৰ :- ১৮০০২০২৬২৫৬
  • অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ যোগাযোগৰ ই-মেইল :- [email protected]
  • অসম বিত্ত বিভাগৰ ঠিকনা :-
    ব্লক F , জনতা ভৱন,
    দিছপুৰ, গুৱাহাটী ৭৮১০০৬

Frequently Asked Questions

অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি হৈছে অসম চৰকাৰৰ এক বিত্তীয় সাহায্য কাৰ্যসূচী, যিয়ে উচ্চ শিক্ষাৰ বাবে শিক্ষা ঋণত ৫০,০০০/- টকাৰ চৰকাৰী সাহায্য প্ৰদান কৰে।

এই আঁচনিখন ২৬ ডিচেম্বৰ ২০১৯ তাৰিখে আৰম্ভ কৰা হৈছিল আৰু ৫ ছেপ্টেম্বৰৰ ২০২৪ চনত ইয়াক অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি ২.০ হিচাপে উন্নয়ন কৰা হৈছিল। 

যিসকলে অসমৰ স্থায়ী বাসিন্দা আৰু যিসকল ব্যক্তি ২,০০,০০০/- টকাতকৈ অধিক শিক্ষা ঋণ লৈছে আৰু ঋণৰ ২৫% পৰিশোধ কৰিছে তেওঁলোক বাবে যোগ্য। 

এই আঁচনিৰ অধীনত শিক্ষা ঋণৰ বাবে সৰ্বাধিক ৫০,০০০/- টকা চৰকাৰী সাহায্য হিচাপে প্ৰদান কৰা হয়।

হয়, অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি ২.০ ৰ অধীনত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ সন্তানে যোগ্যতা অৰ্জন কৰিব পাৰে। কেৱল গ্ৰেড ১ আৰু ২ চৰকাৰী কৰ্মচাৰীৰ সন্তান সকলেহে যোগ্য নহয়। 

ইয়াত ০১-০৪-২০২০ ৰ পৰা ৩১-০৩-২০২৪ৰ ভিতৰত প্ৰদান কৰা ঋণহে যোগ্য। 

নহয়, ২,০০,০০০ /- টকাতকৈ কম ঋণ এই চৰকাৰী সাহায্যৰ বাবে যোগ্য নহয়। 

হয়, ঋণ যিকোনো বাণিজ্যিক বা গ্ৰাম্য বেংকৰ দ্বাৰা স্বীকৃতি হব লাগিব। 

ডিবিটি (DBT) আঁচনিসমূহৰ বাবে অসম ডিজিটেল আন্তঃগাঁথনি (DIDS) প'ৰ্টেলৰ জৰিয়তে অনলাইন আবেদন দাখিল কৰিব লাগিব।

আবেদনকাৰীৰ এটা স্কেন কৰা স্বাক্ষৰ, ৰঙীন ফটো, মোবাইল নম্বৰ, অসমৰ ঠিকনাৰ প্ৰমাণ আৰু পৰিচয় প্ৰমাণৰ প্ৰয়োজন। 

যিসকল ছাত্ৰ-ছাত্ৰী ২ লাখ টকাৰ তলৰ ঋণ থকা, এনপিএ (NPA) হিচাপে চিহ্নিত ঋণ আৰু সাংসদ, বিধায়ক, পঞ্চায়ত সদস্য আৰু গ্ৰেড ১ আৰু ২ চৰকাৰী কৰ্মচাৰীৰ সন্তান যোগ্য নহয়।

যাচাই কৰাৰ পিছত, প্ৰত্যক্ষভাৱে ছাত্ৰজনৰ শিক্ষা ঋণ একাউণ্টত ৫০,০০০/- টকা জমা কৰা হব। 

আপুনি আপোনাৰ ঋণ প্ৰদানকাৰী বেংকৰ শাখা পৰিচালকৰ সৈতে যোগাযোগ কৰিব পাৰে, যিয়ে অভিযোগ বিষয়া হিচাপে কাম কৰে।

হয়, অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি ২.০ৰ বাবে অসমৰ ভিতৰত বা বাহিৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে যদি অন্যান্য চৰ্তসমূহ পূৰণ কৰে তেনে হলে যোগ্য হব। 

Do you have any question regarding schemes, submit it in scheme forum and get answers:

Feel free to click on the link and join the discussion!

This forum is a great place to:

  • Ask questions: If you have any questions or need clarification on any aspect of the topic.
  • Share your insights: Contribute your own knowledge and experiences.
  • Connect with others: Engage with the community and learn from others.

I encourage you to actively participate in the forum and make the most of this valuable resource.

Person Type Scheme Type Govt

Add new comment

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.