ৰাজ্যপাল অসমৰ প্ৰতিভা উদগনিমূলক আঁচনি

Submitted by Pradeep on Mon, 06/07/2026 - 14:13
Himanta Biswa Sarma CM Assam
Scheme Open
Governor Assam's Pratibha Protsahan Yojana image
Highlights
  • বিনামূলীয়াকৈ ইউপিএছচিৰ (UPSC) পৰীক্ষাৰ্থীসকলক শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰা হব।
  • প্ৰাৰম্ভিক পৰীক্ষা আৰু মূল পৰীক্ষাৰ বাবে শিক্ষা গ্ৰহণৰ সুবিধা ব্যৱস্থা কৰা হব।
  • অনলাইন আৰু অফলাইন উভয়তে শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰা হব।
  • অফলাইন প্ৰশিক্ষণৰ সুবিধা নতুন দিল্লীত প্ৰদান কৰা হব।
  • এই আঁচনিৰ অধীনত মুঠ ৫১২ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব, ইয়াৰে ৫০০ গৰাকীক অনলাইন আৰু ১২ গৰাকীক অফলাইন প্ৰশিক্ষণৰ বাবে বাছনি কৰা হব। 
Customer Care
  • ৰাজ্যপাল অসমৰ প্ৰতিভা উদগনিমূলক আঁচনি হেল্পলাইন নম্বৰ :- ১৮০০৩৪৫৩৫৮৮
  • ৰাজ্যপাল অসমৰ প্ৰতিভা উদগনিমূলক আঁচনি ইমেইল হেল্পডেস্ক :- [email protected]
আঁচনিৰ সাৰাংশ
আঁচনিৰ নামৰাজ্যপাল অসমৰ প্ৰতিভা উদগনিমূলক আঁচনি
আৰম্ভণি বৰ্ষ২০২৪
সুবিধাবিনামূলীয়া ইউপিএছচি (UPSC)প্ৰশিক্ষণ।
উপভোক্তাইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী।
চৰকাৰী পৰ্টেলপ্ৰতিভা উদগনিমূলক আঁচনি পৰ্টেল।
নডেল বিভাগৰাজভৱন, অসম।
সদস্যতাইয়াত সদস্যতা লওক আঁচনিৰ বিষয়ে আপডেট পাবলৈ ।
আৱেদন কৰাৰ প্ৰক্ৰিয়াপ্ৰতিভা উদগনিমূলক আঁচনিৰ অনলাইন আবেদন পত্ৰৰ জৰিয়তে।

আঁচনিৰ সাৰাংশ : এক চমু বিৱৰণ

  • অসম ৰাজভৱনে দুটা সন্মানীয় সংস্থাৰ সহযোগত "ৰাজ্যপাল অসমৰ প্ৰতিভা উদগনিমূলক আঁচনি " নামৰ আচনিৰ পৰিকল্পনাৰ বাবে আবেদন অনুৰোধ কৰিছে।
  • এই বৃত্তিৰ পৰিকল্পনা বিশেষভাৱে অসমৰ উৎসাহী অসামৰিক সেৱাৰ (civil service) প্ৰাৰ্থীসকলক সহায় কৰাৰ উদ্দেশ্যে ইয়াক প্ৰস্তুত কৰা হৈছে।
  • ৰাজ্যপাল অসমৰ প্ৰতিভা উদগনিমূলক আঁচনিত  (GAPPY)  যোগ্য প্ৰাৰ্থীসকলক আৰ্থিক সাহায্য আৰু উচ্চ মানৰ শিক্ষা গ্ৰহণৰ ব্যৱস্থা প্ৰদান কৰা হয়।
  • এই পদক্ষেপৰ সহায়ত, এই ইচ্ছুকসকলে চৰকাৰী কৰ্মচাৰী (civil servant) হোৱাৰ লক্ষ্যত পূৰণ হব পাৰে।
  • অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যপাল অসমৰ প্ৰতিভা উদগনিমূলক আঁচনিত ১৭ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
  • এই বৃত্তিৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰে দুটা সংস্থাৰ সৈতে অংশগ্ৰহণ কৰিছে "পৱন চিন্তন ধাৰা আশ্ৰম" আৰু "আৰ্য প্ৰগতি বিকাশ প্ৰতিষ্ঠান" নামৰ ।
  • প্ৰকাশ কৰা আঁচনিখন "অসম বিনামূলীয়া ইউপিএছচি (UPSC) প্ৰশিক্ষণ বৃত্তি" বা "অসমৰ প্ৰতিভা উদগনিমূলক আঁচনিৰ” দৰে আন নামেৰেও জনা যায়।
  • বাছনি কৰা শিক্ষাৰ্থীসকলক ইউপিএছচি অসামৰিক সেৱাৰ(UPSC civil services) বাবে প্ৰাৰম্ভিক আৰু মূল প্ৰশিক্ষণৰ সুবিধা লাভ কৰিব।
  • ৫১২ গৰাকী নিষ্ঠাবান ইচ্ছুক শিক্ষাৰ্থীক প্ৰতিভা উদগনিমূলক আঁচনিৰ অধীনত বিত্তীয় সাহায্য আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
  • ইয়াৰে অনলাইন কোচিং কাৰ্যসূচীৰ বাবে ৫০০ গৰাকীক আৰু বাকী ১২ গৰাকীক প্ৰত্যক্ষ কোচিংৰ বাবে বাছনি কৰা হব।
  • এই অধিক উৎসাহী প্ৰাৰ্থীসকলক বাছনি কৰিবলৈ, কৰ্তৃপক্ষই দ্বাদশ শ্ৰেণীত অৰ্জন কৰা নম্বৰৰ ভিত্তিত আৰু স্নাতক ডিগ্ৰী লাভৰ ভিত্তিত ৫০০০ আবেদনকাৰীক নিৰ্বাচন কৰিব।
  • অসমৰ প্ৰতিভা উদগনিমূলক আঁচনিৰ বাবে বাছনি কৰাৰ প্ৰক্ৰিয়াটো হব স্ক্ৰীনিং টেষ্ট, গ্ৰুপ কাউন্সেলিং আৰু ব্যক্তিগত সাক্ষাৎকাৰ।
  • এই কৰ্তৃপক্ষই তেওঁলোকৰ কিছুমান স্থানত নিৰ্বাচিত তাৰিখ আৰু সময়ত স্ক্রিনিং পৰীক্ষা অনুষ্ঠিত কৰিব।
  • স্ক্ৰীণিং টেষ্টত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক ব্যক্তিগত সাক্ষাৎকাৰৰ পিছত দলগত পৰামৰ্শদান বৈঠকৰ বাৱে আমন্ত্ৰণ জনোৱা হব।
  • প্ৰাৰ্থীসকলে সকলো পৰ্যায় সফলতাৰে উত্তীৰ্ণ হোৱা অসমৰ প্ৰতিভা উদগনিমূলক আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্য হব।
  • এই বৃত্তিৰ যোগেদি প্ৰশিক্ষকৰ মাচুল, বাসস্থান আৰু খাদ্য সামৰি লোৱা হব। অৱশ্যে, খাদ্য আৰু আৱাসৰ সুবিধা প্ৰত্যক্ষ মোডৰ প্ৰশিক্ষণৰ বাবে।
  • বিজ্ঞাপখনত যিবোৰ খৰচসমূহ কথা উল্লেখ কৰা হোৱা নাই এই আঁচনিখনৰ অধীনত বহন কৰা নহব আৰু এই খৰচসমূহ নিৰ্বাচিত প্ৰাৰ্থীসকলে বহন কৰিব লাগিব।
  • নডেল বিভাগে কোচিং আৰু অন্যান্য প্ৰতিশ্ৰুতিবদ্ধ পুঁজিসমূহ পোনপটীয়াকৈ কোচিং প্ৰতিষ্ঠানসমূহলৈ হস্তান্তৰ কৰিব।
  • এই আঁচনিৰ অধীনত প্ৰাৰ্থীসকলক প্ৰত্যক্ষভাৱে কোনো ধন পৰিশোধ কৰা নহব।
  • এই ১২ গৰাকী হিতাধিকাৰীৰ মাজত, দুগৰাকীক আৰ্য প্ৰতিভা বিকাশ প্ৰতিষ্ঠানে আৰু বাকী থকা ১০ গৰাকীক পৱন চিন্তন ধাৰা আশ্ৰমৰ প্ৰকল্প ইউপিএছচিৰ (UPSC) দ্বাৰা শিক্ষা প্ৰদান কৰা হব।
  • আবেদনকাৰীয়ে অসমৰ প্ৰতিভা উদগনিমূলক আঁচনিৰ বাবে অনলাইন আবেদন নিৰ্ধাৰিত তাৰিখৰ ভিতৰত দাখিল কৰিব লাগিব।
  • নিৰ্ধাৰিত সময়সীমাৰ বাহিৰে বা নিৰ্ধাৰিত সময়সীমা অতিক্ৰম কৰি দাখিল কৰা আৱেদনসমূহ প্ৰত্যাখ্যান কৰা হব।
  • সংক্ষিপ্ত তালিকাভুক্ত আৱেদনকাৰী সকলে অনলাইনযোগে তেওঁলোকৰ প্ৰতিভা উদগনিমূলক আঁচনিৰ ফলাফল চাব পাৰিব।
  • ৰাজ্যপাল অসমৰ প্ৰতিভা উদগনিমূলক আঁচনিৰ সৈতে সম্পৰ্কিত যিকোনো প্ৰশ্ন [email protected] ই-মেইলৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰিব।

আঁচনিৰ সুবিধাসমূহ

  • ৰাজ্যপাল অসমৰ প্ৰতিভা উদগনিমূলক আঁচনি উদ্দেশ্য হৈছে ইয়াৰ হিতাধিকাৰীসকলক নিম্নলিখিত সুবিধাসমূহ প্ৰদান কৰা:-
    • বিনামূলীয়াকৈ ইউপিএছচিৰ (UPSC) পৰীক্ষাৰ্থীসকলক শিক্ষাৰ সুবিধা প্ৰদান কৰা হব।
    • প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব।
    • অনলাইন আৰু অফলাইন উভয়তে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব।
    • প্ৰশিক্ষণৰ সুবিধা নতুন দিল্লীত অফলাইনৰ দ্বাৰা প্ৰদান কৰা হব।
    • এই আঁচনিৰ অধীনত মুঠ ৫১২ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব, ইয়াৰে ৫০০ গৰাকীক অনলাইন আৰু ১২ গৰাকীক অফলাইন প্ৰশিক্ষণৰ বাবে বাছনি কৰা হব।

যোগ্যতাৰ প্ৰয়োজনীয়তা

  • ৰাজ্যপাল অসমৰ প্ৰতিভা উদগনিমূলক আঁচনিৰ অধীনত সুবিধা প্ৰদান কৰা হব, যিয়ে এই আঁচনিৰ অধিনত উল্লেখ কৰা যোগ্যতাৰ নিম্নলিখিত চৰ্তসমূহ পূৰণ কৰে : -
    • আবেদনকাৰী অসমৰ বাসিন্দা হব লাগিব।
    • আবেদনকাৰীসকল ইউপিএছচিৰ (UPSC) পৰীক্ষাৰ্থী হব লাগিব।
    • ইতিমধ্যে ইউপিএছচিৰ (UPSC) প্ৰাৰম্ভিক বা মূল পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলো যোগ্য।
    • আবেদনকাৰীৰ বাৰ্ষিক পৰিয়ালৰ আয় এটা সীমাৰ ভিতৰত থাকিব লাগিব।
    • আবেদনকাৰীয়ে উল্লেখিত শ্ৰেণীৰ যিকোনো এটা শ্ৰেণীৰ অন্তৰ্গত হব লাগিব: General/ STH/ STP/ SC/ OBC/ MOBC

প্ৰয়োজনীয় প্ৰমাণপত্ৰ

  • অসমৰ প্ৰতিভা উদগনিমূলক আঁচনিৰ বাবে আবেদনৰ পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাৰ্থীসকলে নিম্নলিখিত প্ৰমাণপত্ৰসমূহ জমা দিব লাগিব :-
    • বয়সৰ প্ৰমাণ।
    • আধাৰ কাৰ্ড।
    • ভোটাৰ পৰিচয় পত্ৰ।
    • শৈক্ষিক প্ৰমাণপত্ৰ (HSLC, HSSLC, স্নাতকোত্তৰ ডিগ্ৰী আৰু অন্যান্য)।
    • পৰিয়ালৰ বাৰ্ষিক আয় (যদি প্ৰয়োজন হয়)।
    • পাছপোৰ্ট আকাৰৰ ফটো।
    • আবেদনকাৰীৰ স্বাক্ষৰ (কলা ৰঙৰ কলমেৰে বগা কাগজত)
    • অক্ষমতাৰ প্ৰমাণপত্ৰ (যদি থাকে)
    • জাতিৰ প্ৰমাণপত্ৰ।

আৱেদনৰ কৰিবলৈ পদক্ষেপসমূহ

  • আবেদনকাৰীসকলে ৰাজ্যপাল অসমৰ প্ৰতিভা উদগনিমূলক আঁচনি বাবে অনলাইন আবেদন দাখিল কৰিব পাৰে।
  • প্ৰতিভা উদগনিমূলক আঁচনি বাবে আবেদনৰ পত্ৰ https://gappy.assam.gov.in/ত উপলব্ধ।
  • মুখ্য পৃষ্ঠাৰ পৰা, নতুন পঞ্জীয়ন “new registration” টেবটো চয়ন কৰক।
  • এতিয়া আবেদনকাৰীয়ে সংশ্লিষ্ট তথ্য প্ৰদান কৰি পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
  • সফল পঞ্জীয়নৰ পিছত, আবেদনকাৰীয়ে তেওঁলোকৰ প্ৰদান কৰা ই-মেইল আইডিৰ জৰিয়তে লগইন তথ্য লাভ কৰিব।
  • প্ৰাপ্ত তথ্যৰ সৈতে লগইন কৰি অসমৰ প্ৰতিভা উদগনিমূলক আঁচনিৰ আবেদন পত্ৰটো পূৰণ কৰক।
  • প্ৰৱেশ কৰাৰ পিছত, আবেদনকাৰীয়ে অন্য তথ্য প্ৰদান কৰিব লাগিব।
  • প্ৰদান কৰা আকাৰ আৰু ফৰমেটত প্ৰয়োজনীয় প্ৰমানপত্ৰসমূহ আপলোড কৰক।
  • আবেদনকাৰীয়ে চূড়ান্ত আবেদন দাখিল কৰাৰ পূৰ্বে আবেদন পত্ৰৰ পুনৰীক্ষণ কৰিব লাগিব।

উপযুক্ত সংযোগসমূহ

যোগাযোগৰ বিৱৰণ

  • প্ৰতিভা উদগনিমূলক আঁচনিৰ  হেল্পলাইন নম্বৰ: ১৮০০৩৪৫৩৫৮৮
  • প্ৰতিভা উদগনিমূলক আঁচনিৰ  ই-মেইল হেল্পডেস্ক :- [email protected]

Do you have any question regarding schemes, submit it in scheme forum and get answers:

Feel free to click on the link and join the discussion!

This forum is a great place to:

  • Ask questions: If you have any questions or need clarification on any aspect of the topic.
  • Share your insights: Contribute your own knowledge and experiences.
  • Connect with others: Engage with the community and learn from others.

I encourage you to actively participate in the forum and make the most of this valuable resource.

Add new comment

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.