- কৰ্মচাৰীৰ বাৱে প্রথমবাৰৰ কাৰণে অৰ্থনৈতিক উৎসাহ।
- নিয়োগকৰ্তাসকলৰ বাবেনতুন চাকৰিৰ সৃষ্টি কৰিলে অৰ্থনৈতিক প্ৰৰোচনা ।
আঁচনিৰ সাৰাংশ | |
|---|---|
| আঁচনিৰ নাম | প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনি। |
| আৰম্ভনী বছৰ | ১-০৮-২০২৫ |
| সুবিধা সমূহ | কৰ্মচাৰী আৰু নিয়োগকৰ্তা উভয়েৰ প্ৰতি অৰ্থনৈতিক উৎসাহ। |
| হিতাধিকাৰি | প্ৰথমবাৰৰ বাবে কৰ্মচাৰী আৰু নিয়োগকৰ্তা। |
| ন'ডেল বিভাগ | শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়। |
| চাবস্ক্ৰিপচন | আঁচনিৰ বিষয়ে তথ্য জানিবলৈ ইয়াত চাবস্ক্ৰাইব কৰক। |
| আৱেদন কৰাৰ প্ৰক্ৰিয়া | আবেদন প্ৰপত্ৰৰ জৰিয়তে। |

আঁচনিৰ ভূমিকাঃ এক চমু বিৱৰণ
- বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ২০২৪-২০২৫ৰ কেন্দ্ৰীয় বাজেটত প্ৰথমবাৰৰ বাবে কাম কৰা আৰু নিয়োগকৰ্তাসকলৰ বাবে নিয়োগ সংযুক্ত নিয়োগ সংলগ্ন প্ৰেৰণা আঁচনি ঘোষণা কৰিছে।
- এইটো প্ৰধানমন্ত্ৰীৰ ৫টা আঁচনিৰ পেকেজৰ এটা অংশ, য'ত ৫০০টা কোম্পানীত ইণ্টাৰ্নশ্বিপ প্ৰদান কৰা “প্ৰধানমন্ত্ৰী ইণ্টাৰ্নশ্বিপ আঁচনি” ও অন্তৰ্ভুক্ত আছে।
- কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ০১-০৭-২০২৫ তাৰিখে ইএলআই (ELI) আঁচনিখন প্রকাশ কৰাৰ বাবে অনুমোদন জনাইছে।
- এতিয়া ইএলআই (ELI) আঁচনিৰ নাম প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনি (PMVBRY) হিচাপে সলনি কৰা হৈছে।
- এই আঁচনিখনৰ উদ্দেশ্য হল :-
- নিয়োগকৰ্তাসকলক নতুন নিয়োগ সৃষ্টি কৰিবলৈ উৎসাহিত প্ৰদান কৰা।
- প্ৰথমবাৰৰ বাবে কৰ্মৰত কৰ্মচাৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰা।
- শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে এই আঁচনিখন ৰূপায়ণ কৰিব কৰ্মচাৰী ভৱিষ্যতৰ নিধি পুঁজি সংস্থাৰ (EPFO) সহযোগত ।
- পিএমভিবিআৰৱাইত (PMVBRY) দুটা উপাদান আছে :-
- অংশ A : প্ৰথম বাৰৰ বাবে কৰ্মচাৰীসকলক আৰ্থিক সাহায্য।
- অংশ B : নিয়োগকৰ্তাসকলক সহায় কৰা।
- প্ৰথমবাৰৰ কৰ্মচাৰীসকলে ১ মাহৰ দৰমহা ১ লাখ টকাতকৈ কম দৰমহা লাভ কৰা তেওঁলোক ১ মাহৰ বেতন অথবা সৰ্বাধিক ১৫,০০০ টকালৈকে আৰ্থিক উদ্দীপনা লাভ কৰিব।
- নিয়োগকৰ্তাসকলে অতিৰিক্ত নিয়োগ সৃষ্টিৰ বাবে প্ৰতিমাহে এটা উৎসাহ লাভ কৰিব :-
- দৰমহা ১০,০০০ টকা/মাহলৈ - দৰমহাৰ ১০% অথবা সৰ্বাধিক ১,০০০ টকা/ মাহ
- দৰমহা ১০,০০১ টকাৰ পৰা ২০,০০০ টকাৰ/মাহ - ২,০০০ টকাকৈ/ মাহ
- দৰমহা ২০,০০১ টকাৰ পৰা ১,০০,০০০ টকা/মাহ - ৩,০০০ টকাকৈ/ মাহ
- কৰ্মচাৰীসকলক প্ৰদান কৰা উৎসাহ তেওঁলোকৰ আধাৰ সংযুক্ত বেংক একাউণ্টলৈ প্ৰদান কৰা হব।
- নিয়োগকৰ্তাসকলৰ প্ৰদান কৰা উৎসাহ তেওঁলোকৰ PAN কাৰ্ড সংযুক্ত বেংক একাউণ্টলৈ প্ৰদান কৰা হব।
- ১.৯২ কোটিৰো অধিক প্ৰথমবাৰৰ কৰ্মচাৰী আৰু ২.৬০ কোটিৰো অধিক নিয়োগকৰ্তাই প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনিৰ অধীনত উপকৃত হব বুলি আশা কৰা হৈছে।
- প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনি ১ আগষ্ট ২০২৫ৰ পৰা ৩১ জুলাই ২০২৭ৰ ভিতৰত সৃষ্টি হোৱা চাকৰিৰ বাবে প্ৰযোজ্য হব।
- পিএমভিবিআৰৱাইত (PMVBRY) ৰ সুবিধাসমূহ ১-০৮-২০২৫ তাৰিখৰ পৰা বা তাৰ পিছত নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হব।
কৰ্মচাৰীসকলৰ বাবে আঁচনিৰ সুবিধাসমূহ
- এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে নতুনকৈ কৰ্মৰত লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব।
- দুটা পৰ্যায়ত এক মাহৰ ইপিএফ (EPF) দৰমহা বা ১৫,০০০ টকালৈকে আগবঢ়োৱা হব।
- কৰ্মচাৰীজনে ৬ মাহ অবিৰত সেৱা সম্পূৰ্ণ হোৱাৰ পিছতে প্ৰথমটো পৰিশোধ কৰা হয়।
- দ্বিতীয় কিস্তি ১২ মাহৰ সেৱা আৰু বিত্তীয় সাক্ষৰতা পাঠ্যক্ৰমৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰদান কৰা হয়।
- এই সুবিধা কেৱল তেতিয়াহে প্ৰযোজ্য হব যেতিয়া কৰ্মচাৰীৰ মাহিলী দৰমহা ১,০০,০০০ টকাতকৈ কম হব।
নিয়োগকৰ্তাৰ বাবে আঁচনিৰ সুবিধাসমূহ
- কেন্দ্ৰীয় চৰকাৰে নিয়োগকৰ্তাসকলক নতুন নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে পুৰস্কাৰ প্ৰদান কৰে।
- নিয়োগকৰ্তাসকলে কৰ্মচাৰীৰ বেতনৰ ওপৰত ভিত্তি কৰি প্ৰতিমাহে ১,০০০ /- টকাৰ পৰা ৩,০০০/- টকালৈকে প্ৰণোদনা লাভ কৰিব পাৰে।
- উৎপাদন উদ্যোগৰ কৰ্মচাৰীসকলে ৪ বছৰলৈকে প্ৰণোদনৰ সুবিধা লাভ কৰিব পাৰে।
- অন্য সকলো ক্ষেত্ৰৰ নিয়োগকৰ্তাসকলে ২ দুবছৰ সময়সীমালৈ এই সুবিধা লাভ কৰিব পাৰে।
- কৰ্মচাৰীজনৰ ইপিএফৰ (EPF) দৰমহাৰ ওপৰত ভিত্তি কৰি পৰিমাণ নিৰ্ধাৰণ কৰা হয়, যি তলত উল্লেখ কৰা হল :-
- যিসকল কৰ্মচাৰীয়ে মাহে ১০,০০০/- টকালৈকে উপাৰ্জন - প্ৰণোদনা হব বেতনৰ ১০% বা মাহে ১,০০০/- টকালৈকে প্ৰদান কৰা হব।
- ১০,০০১ টকাৰ পৰা ২০,০০০ টকা/মাহৰ ভিতৰত দৰমহাৰ বাবে - ২,০০০ টকাকৈ/ মাহৰ স্তিৰ উৎসাহ ।
- ২০,০০১ টকাৰ পৰা ১,০০,০০০ টকা/মাহৰ ভিতৰত দৰমহাৰ বাবে - ২,০০০ টকাৰ/ মাহ স্তিৰ উৎসাহ ।
কৰ্মচাৰীসকলৰ বাবে যোগ্যতাৰ প্ৰয়োজনীয়তা
- এই আঁচনিৰ সুবিধা কেৱল প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক চাকৰিৰ ক্ষেত্ৰত প্ৰৱেশ কৰা ব্যক্তিয়েহে লাভ কৰিব পাৰে।
- যদি কোনো প্ৰতিষ্ঠান আইন অনুসৰি EPF ৰ অন্তৰ্গত হয়, তেন্তে সেই প্ৰতিষ্ঠানৰ সকলো কৰ্মচাৰীয়ে ভৱিষ্য তহবিলত যোগদান কৰিব লাগিব।
- প্ৰথম বাৰৰ বাবে কৰ্মৰত কৰ্মচাৰীৰ মাহিলী দৰমহা ১,০০,০০০/- টকাতকৈ কম হব লাগিব ।
- নিয়োগকৰ্তাৰ লগতে কৰ্মচাৰীজনে কমেও ছমাহ কাম কৰা হব লাগিব।
নিয়োগকৰ্তাৰ বাবে যোগ্যতাৰ প্ৰয়োজনীয়তা
- প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনিৰ সুবিধা সকলো উদ্যোগৰ নিয়োগকৰ্তাৰ বাবে খোলা।
- ৫০ জনতকৈ কম কৰ্মচাৰী প্ৰতিষ্ঠানসমূহে থকা প্ৰতি বছৰে অতি কমেও ২ জন নতুন কৰ্মচাৰী নিযুক্ত কৰিব লাগিব।
- ৫০ জনতকৈ অধিক লোকক নিয়োগ কৰা প্ৰতিষ্ঠানসমূহে প্ৰতি বছৰে ন্যূনতম ৫ জন নতুন কৰ্মচাৰী নিযুক্ত কৰিব লাগে।
- নতুনকৈ নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে ন্যূনতম ছমাহ সেৱা আগবঢ়াব লাগিব।
- নিযুক্তি প্ৰাপ্ত কৰ্মচাৰীৰ মাহিলী দৰমহা ১,০০,০০০ /- টকাতকৈ অধিক হব নোৱাৰিব।
কৰ্মচাৰীসকলৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ
- কৰ্মচাৰীৰ আধাৰ কাৰ্ডৰ পৰিচয় পত্ৰ।
- বেংক একাউণ্ট নম্বৰ আধাৰ কাৰ্ডৰ লগত সংযুক্ত।
- কৰ্মচাৰীৰ পেন (PAN) নম্বৰ।
- ইপিএফঅ' (EPFO) প্ৰদান কৰা সর্বজনীন একাউণ্ট নম্বৰ। (Universal Account Number)
- নিযুক্তি পত্ৰ বা যোগদানৰ নিশ্চিতকৰণ।
- চালু মবাইল যোগাযোগৰ নম্বৰ।
- যোগাযোগৰ বাবে ব্যক্তিগত ই-মেইল আইডি।
- পাছপোৰ্ট আকাৰৰ ফটো।
নিয়োগকৰ্তাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ
- ব্যৱসায়িক সত্তাটোৰ বৈধ GST বা CIN নম্বৰ।
- সংস্থাৰ স্থায়ী একাউণ্ট নম্বৰ (PAN)।
- সক্ৰিয় বেংক একাউণ্ট সবিশেষ।
- কৰ কৰ্তন আৰু সংগ্ৰহ একাউণ্ট নম্বৰ (TAN)।
- ইচিআৰ (ECR) ৰিপোর্ট।
কৰ্মচাৰীৰ বাবে আবেদন কৰাৰ পদক্ষেপসমূহ
- এজন ব্যক্তিয়ে যেতিয়া প্ৰথমবাৰৰ বাবে চাকৰি এটাত যোগদান কৰে, তেতিয়া ইপিএফঅ' (EPFO) তেওঁক এটা ইউএএন (UAN) (ইউনিভাৰ্ছেল একাউণ্ট নম্বৰ) প্ৰদান কৰে।
- এককালীন মজুৰিৰ সুবিধা বা ১৫,০০০/- টকাৰ সৰ্বাধিক প্ৰণোদনা লাভৰ বাবে যোগ্য হবলৈ, কৰ্মচাৰীজনে তেওঁৰ ইউএএন (UAN) সক্ৰিয় কৰাটো নিশ্চিত কৰিব লাগিব।
- কৰ্মচাৰীজনৰ এই আঁচনিৰ বাবে যোগ্য হবলৈ বেংক একাউণ্ট লগত আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিব লাগিব।
- কেৱল প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনি/ ইপিএফঅ'ৰ (EPFO) অধীনত ইতিমধ্যে ৰেজিষ্ট্ৰেচন হৈ থকা সংগঠনৰ সৈতে কাম কৰা কৰ্মচাৰীসকলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।
- নিয়োগকৰ্তাই প্ৰথমবাৰৰ বাবে কৰ্মচাৰীসকলক ইপিএফঅ'ত (EPFO) পঞ্জীয়ন কৰিব লাগে আৰু তেওঁলোকৰ ইউএএন (UAN) সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে।
- ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে শ্ৰমিকসকলে নিজস্ব ভাৱে প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনিৰ অধীনত সুবিধা লাভ কৰিব।
- এই আঁচনিৰ অধীনত আৰ্থিক সুবিধা দুটা পৃথক পৰ্যায়ত প্ৰদান কৰা হব।
- কৰ্মচাৰীজনে ৬ মাহ অবিৰত সেৱা সম্পূৰ্ণ কৰাৰ পিছত প্ৰথম কিস্তি জমা কৰা হব।
- দ্বিতীয় কিস্তি ১২ মাহৰ চাকৰি আৰু বিত্তীয় সাক্ষৰতা পাঠ্যক্ৰমৰ পিছত প্ৰদান কৰা হব।
- কৰ্মচাৰীসকলে এই বিত্তীয় সাক্ষৰতা পাঠ্যক্ৰম তেওঁলোকৰ ১২ মাহৰ কাৰ্যকাল শেষ কৰাৰ আগতে সম্পূৰ্ণ কৰিব লাগিব।
- এই পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ, কৰ্মচাৰীসকলে তেওঁলোকৰ ইউএএন (UAN) পঞ্জীভুক্ত মবাইল নম্বৰ ব্যৱহাৰ কৰি ইপিএফঅ (EPFO) পৰ্টেলত প্ৰৱেশ কৰিব লাগিব।
- প্ৰৱেশ কৰাৰ পিছত, ‘মাই ডেশ্বব'ৰ্ড'লৈ যাওক আৰু লাৰ্ণিং (learning) ছেকছনত ক্লিক কৰক।
- ELI সদস্যসকলৰ বাবে আৰ্থিক সাক্ষৰতা — বিকল্পটো নিৰ্বাচন কৰক আৰু নামভৰ্তি সম্পূৰ্ণ কৰক।
- এই পাঠ্যক্ৰমত প্লেটফৰ্মত উপলব্ধ সকলো শৈক্ষিক ভিডিঅ চাব লাগিব।
- সফল সমাপ্তিৰ পিছত, এটা পাঠ্যক্ৰম সমাপ্তিৰ অনলাইনত প্ৰমাণপত্ৰ প্রদান কৰা হব।
- এই প্ৰমাণপত্ৰ লাভ কৰাৰ পিছত কৰ্মচাৰীজনে প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনিৰ অধীনত দ্বিতীয় কিস্তিৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব।
নিয়োগকৰ্তাৰ বাবে আবেদন কৰাৰ পদক্ষেপসমূহ
- ইচ্ছুক নিয়োগকৰ্তাসকলে প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনিৰ অধীনত মাহেকীয়া সুবিধা লাভ কৰিবলৈ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই।
- কিন্তু পেন (PAN), জিএছটিআইএন (GSTIN), পেন (PAN) লিংক আদিৰ দৰে বিৱৰণ প্ৰদান কৰাটো বাধ্যতামূলক আৰু প্ৰতিমাহে ইচিআৰ (ECR) ফাইলিং সময়মতে দাখিল কৰাটো নিশ্চিত কৰিব লাগিব।
- পিএম বিকাশ ভাৰত ৰোজগাৰ আঁচনিৰ অফিচিয়েল পৰ্টেল লাইভ হৈ আছে, যৰ পৰা এই আঁচনিৰ সৈতে জড়িত সকলো তথ্য লাভ কৰিব পাৰি।
- ইপিএফঅ'ৰ (EPFO) ৱেবছাইটত পিএমভিবিআৰৱাইৰ (PMVBRY) সুবিধা লাভ কৰিবলৈ তলত দিয়া তথ্যসমূহ পূৰণ কৰাটো গুৰুত্বপূৰ্ণ :-
- কোম্পানী/সংস্থাৰ নাম
- পেন নম্বৰ
- TAN নম্বৰ
- GST পৰিচয় নম্বৰ
- বেংকৰ নাম আৰু শাখা
- আই এফ এছ চি (IFSC) কোড
- একাউণ্ট নম্বৰ
- নিয়োগকৰ্তাসকলে ১ আগষ্ট ২০২৫ বা তাৰ পিছত নিযুক্তি লাভ কৰা নতুন কৰ্মচাৰীৰ তথ্য প্ৰদান কৰিব লাগিব।
- সুবিধাৰ বাবে যোগ্য হৈ থাকিবলৈ প্ৰতিমাহে সময়মতে ইচিআৰ (ECR) দাখিল কৰাটো গুৰুত্বপূৰ্ণ।
- প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনিৰ অধীনত পঞ্জীভুক্ত নিয়োগকৰ্তাৰ পেন (PAN) সংযুক্ত বেংক একাউণ্টত এই সুবিধা প্ৰত্যক্ষভাৱে মাচুল প্ৰদান কৰা হব।
সংযুক্ত লিংকসমূহ
- প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনিৰ ৱেবছাইট।
- প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনিৰ নিয়োগকৰ্তা লগ-ইন।
- প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনিৰ কৰ্মচাৰী লগ-ইন।
- প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনিৰ নিৰ্দেশনাৱলী।
- শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়।
- কৰ্মচাৰী ভৱিষ্যনিধি পুঁজি সংগঠন।
যোগাযোগৰ বিৱৰণ
- প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ আঁচনি হেল্পলাইন নম্বৰ :- ১৮০০১৮০১৮৫০
- শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ যোগাযোগ নম্বৰ।
Frequently Asked Questions
PM-VBRY is a Central Government employment-linked incentive scheme that provides financial incentives to first-time employees and employers creating additional jobs. The scheme aims to promote formal employment, job creation, and social security coverage through EPFO.
Eligible first-time employees can receive an incentive equal to one month's wage, subject to a maximum benefit of ₹15,000. The amount is released in two instalments after fulfilling the prescribed conditions.
First-time employees registered with EPFO, earning up to ₹1 lakh per month, and completing the required period of continuous employment are eligible for the incentive.
Employers can receive incentives ranging from ₹1,000 to ₹3,000 per month for each eligible additional employee, depending on the employee's wage slab.
The scheme applies to eligible jobs created between 1 August 2025 and 31 July 2027.
No separate application form is required. Eligible employees become part of the scheme through EPFO registration, UAN generation, Aadhaar authentication, and fulfilment of the prescribed conditions.
No. EPFO-covered establishments are deemed registered under the scheme. However, employers must provide PAN, GST details, bank account information, and regularly file ECRs to claim benefits.
The first instalment is released after six months of continuous employment. The second instalment is released after twelve months of service and successful completion of the Financial Literacy Programme.
Yes. Manufacturing sector employers can receive incentives for up to four years, while employers in other sectors can receive incentives for two years.
Employee incentives are transferred through Direct Benefit Transfer (DBT) to Aadhaar-seeded bank accounts. Employer incentives are credited directly to PAN-linked bank accounts.
Do you have any question regarding schemes, submit it in scheme forum and get answers:
Feel free to click on the link and join the discussion!
This forum is a great place to:
- Ask questions: If you have any questions or need clarification on any aspect of the topic.
- Share your insights: Contribute your own knowledge and experiences.
- Connect with others: Engage with the community and learn from others.
I encourage you to actively participate in the forum and make the most of this valuable resource.
| Person Type | Govt |
|---|---|
Comments
Class 11th arts
I am poor
15000
Good
Job
I m from West Bengal Kolkata 12 pass I'm jobless
योजनाओं में पारदर्शिता भ्रष्टाचारमुक्त और जन मानस तक पहुंच
महोदय सरकार की सभी योजनाओं में पारदर्शिता भ्रष्टाचार मुक्त आम जनमानस की आसान पहुंच पात्र व्यक्तियों को त्वरित लाभ मिलता सुनिश्चित होना चाहिए, आज जहां अधिकारी व कर्मचारीगण की लापवाही की वजह से बहुत से लोगों को सरकार की योजनाओं से वंचित होना पड़ता है जिसका खामियाजा आम जनमानस पात्र व्यक्ति को भुगतना पड़ता हैं इसी कड़ी में हमारी सरकारें ऐसे गैर जिम्मेदार अधिकारियों व कर्मचारीगण पर किस तरह से योजनाओं और सरकार की जनहित की मनसा साकार करेंगी
Add new comment